Translation Of'i Am Your Baby Mum'.. By Dhiren Doley, Westbenngal Poem by Dr. Antony Theodore

Translation Of'i Am Your Baby Mum'.. By Dhiren Doley, Westbenngal

Rating: 5.0

From:
Dhiren Doley (Kalimpong, West Bengal India; Male; 38)
To:
Dr.tony Brahmin
Date Time:
5/27/2018 11: 42: 00 AM (GMT -6: 00)
Subject:
Re: Re: Re: dear poet
Dear Friend,
Following is the translation of the poem "I am Your Baby, mum". You may share it in your link. I will share it on my facebook wall declaring that I have translated for your original poem.

মা, মই তোমাৰ সন্তান- ডঃ এন্টনী থিয়ডোৰ

মা, মই তোমাৰ সন্তান
মই ইচ্ছা কৰি অহা নাছিলো, মা
গৌৰৱময় স্বৰ্গৰ পৰা
ঈশ্বৰৰ দূতে তোমাৰ গৰ্ভলৈ প্ৰৱেশ কৰি
মোক থাপণ কৰিছিল তাত

মই ইচ্ছা কৰি অহা নাছিলো, মা
বিধিৰ ইচ্ছাত আহিছিলো মই

তোমাৰ সুকোমল গৰ্ভত
প্ৰেমৰ এটা নতুন ঠিকনা পাই আনন্দিত হৈছিলো
আৰু যাপন কৰিছিলো সুখনিদ্ৰা।
স্বৰ্গৰ দূতবোৰে মোক নিৰীক্ষণ কৰিছিল
সিহঁতে মিনতি কৰিছিল যেন
পৃথিৱীৰ মুখ নেদেখা পৰ্যন্ত
মোক কুশলে ৰাখে

মই জন্মা দিনা সোনৰ বীনা বজাবলৈ
সিহঁতে জন্মোতসৱত গোৱা গীতবোৰৰ আখৰা কৰিছিল

মই তোমাৰ গৰ্ভত শুই থকা দিনবোৰত
তোমাৰ অগোচৰে
স্বৰ্গীয় দূতবোৰে মোক দেখা কৰিছিল

তোমাৰ প্ৰিয় সন্তান হৈ জন্মিবলৈ
মোৰ যে কিমান হেপাঁহ আছিল

মোৰ হাঁহিবলৈ হেপাঁহ আছিল
ইচ্ছা আছিল গান গাবলৈ
খেলিবলৈ ইচ্ছা আছিল মোৰ
ইচ্ছা আছিল তোমাৰ স্তনযুগলৰ অমৃত পান কৰিবলৈ
চাব বিছাৰিছিলো তোমাৰ দুগ্ধ পান কৰাৰ সময়ত
নিগৰি অহা তোমাৰ মুখৰ হাঁহি

গৰ্ভত থকা কালত দেখা মোৰ সপোন আছিল এয়া, মা

কিন্তু এটা দুৰভগীয়া দিন আহিল
যেতিয়া তুমি মোক মাৰি পেলোৱাৰ কথা ভাৱিলা

যাতনাৰ দূতবোৰে তোমাৰ সেই মনৰ আলচ
কান পাতি শুনিলে
আসুৰিক আনন্দৰে নৰকৰ দূতবোৰে
দুল কোবাই কোৱাই
গাবলৈ ধৰিলে নিষ্ঠোৰতম সুৰ-
জঁপিয়াই জণপিয়াই
মোক আগুৰাই আগুৰাই
শাৰী পতি পাতি গাইছিল
ঘুৰি ঘুৰি নাচিছিল
ভৰিৰ আঙুলিত ভৰ দি নাচিছিল
মূৰতো ভৰ দি নাচিছিল সিহঁত
সিহঁতে ফুৰ্তিত দুল বজাই নাচিছিল
তুমি যে মোক মাৰি পেলাব খুজিছা তাক জানি
নৰকৰ পূৰ্ন ৰাজ্যই আনন্দ গান কৰিছিল।

মোৰ হিয়া ভগা ক্ৰন্দন জানো তুমি শুনা পাইছিলা?
পৱিত্ৰ দূতবোৰৰ কান্দোন জানো তুমি গম পাইছিলা?
তোমাৰ পৱিত্ৰ গৰ্ভত মোৰ কৰুন মৃত্যু দেখি
সমগ্ৰ স্বৰ্গবাসীৰ ক্ৰন্দন জানো তুমি জানিব পাৰিলা?

মোক নিৰ্দয়ভাবে মাৰি পেলোৱাৰ আগে আগে
মই দেখা পালো সৰ্বোপৰিজনাৰ অসহায় কান্দোন!

This is a translation of the poem I Am Your Baby, Mum by Dr. Antony Theodore
Monday, May 28, 2018
Topic(s) of this poem: angels ,crime,evil,god,heaven,helplessness,innocence,love,mother and child
COMMENTS OF THE POEM
Ravi Kopra 28 May 2018

মোক নিৰ্দয়ভাবে মাৰি পেলোৱাৰ আগে আগে মই দেখা পালো সৰ্বোপৰিজনাৰ অসহায় কান্দোন! I saw the All-Powerful God crying helplessly. The all powerful God is a sissy God is a helpless God - an imaginary creation of man - who cannot do anything. Priests, preachers, clergy use him to make their living and fool the people by propagating lies after lies ad lib.

0 0 Reply
Kumarmani Mahakul 28 May 2018

A beautiful and interesting translation is presented to its original version. This poem has its own charming. We thank to respective Bengali poet to translate this heart touching poem in to Bangla....10

0 0 Reply
Close
Error Success